চেলেক-ধূনাগুৰি দলং নিৰ্মাণস্থলী পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:36 PM IST

thumbnail

মাজুলী, 28 নৱেম্বৰ : ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব চেলেক-ধূনাগুৰি দলং ৷ মঙলবাৰে মাজুলীত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ মাজুলীত উপস্থিত হৈছেগৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

মাজুলীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে মাজুলীবাসীৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে । এইখন দলঙৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত মাজুলী-লখিমপুৰ সংযোগ কৰিবৰ বাবে নিৰ্মাণ হৈ থকা চেলেক ধূনাগুৰি দলংখনো পৰিদৰ্শন কৰে । এই দলংখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব চেলেক ধূনাগুৰি দলং । দলংখনৰ কাম ভাল দৰে হৈছে যাৰ বাবে ইমানখিনি কাম আগবাঢ়ি গৈছে । বাৰিষাৰ বানে অসুবিধাৰ সৃষ্টি নকৰা হ’লে দলংখনৰ কাম আৰু আগবাঢ়িলহেতেন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : মোৰ দিনত কোনো ধৰণৰ স্কেম নাই: ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.