thumbnail

Manipur Violence: মণিপুৰৰ পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক হৈ আহিছে; ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 2, 2023, 1:37 PM IST

ডিব্ৰুগড়, 2 জুলাই: কংগ্ৰেছে মণিপুৰৰ পৰিস্থিতি উন্নত হোৱাৰ পাছতহে কান্দিছে ৷ কিন্ত মণিপুৰৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তহে কন্দা উচিত আছিল কংগ্ৰেছে ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, ৰাজ্যখন প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত কংগ্ৰেছে এই বিষয়ে আলোচনা কৰি আছে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মণিপুৰৰ পৰিস্থিতি দিনক দিনে উন্নত হৈছে আৰু মোৰ ধাৰণা হৈছে যে অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত এই পৰিস্থিতিৰ আৰু অধিক উন্নত হ'ব ৷ নিশ্চিতভাৱে মণিপুৰৰ পৰিস্থিতিত এমাহ পূৰ্বে যি আছিল তাৰ তুলনাত যথেষ্ট উন্নতি হৈছে ৷ ৰাজ্যখনৰ পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক হৈ আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক: Rahul Gandhi Manipur visit : ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ অসন্তুষ্ট মণিপুৰৰ যোগান মন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.