দিল্লী : অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে সষ্টম দিল্লী আৰক্ষী । অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ বাংলাদেশী নাগৰিকক । দিল্লীৰ দক্ষিণ পশ্চিম জিলাৰ বসন্ত কুঞ্জ দক্ষিণ আৰক্ষী থানাৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে চলোৱা এক বিশেষ অভিযানত বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ জৰিয়তে ৮ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰা হয় । আটাইকেইজনে বাস কৰিছিল দিল্লীৰ ৰংপুৰীত ।
এই অভিযানটো দক্ষিণ পশ্চিম জিলা আৰক্ষীৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে এক বৃহত্তৰ অভিযানৰ অংশ আছিল । অভিযানটোৰ নেতৃত্ব দিছিল ইন্সপেক্টৰ ৰতন সিঙে, য'ত আন আৰক্ষীসকলেও বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । আৰক্ষীৰ দলটোৱে মুঠ ৪০০ টা পৰিয়ালৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত সন্দেহজনক লোকৰ মেনুৱেল তদন্ত কৰিবলৈ পশ্চিমবংগলৈ এটা বিশেষ দল প্ৰেৰণ কৰা হৈছিল ।
Delhi Police crackdown on illegal migrants, deport 8 Bangladeshis
— ANI Digital (@ani_digital) December 29, 2024
Read @ANI Story | https://t.co/BM6rP9aIV3#delhipolice #Delhi pic.twitter.com/H4Tp0zdQMW
জেৰাত পোহৰলৈ আহিল প্ৰকৃত সত্য:
গ্ৰেপ্তাৰ কৰা আঠজন বাংলাদেশী নাগৰিকৰ ভিতৰত এজন পুৰুষ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ ছয় সন্তান । জেৰাৰ সময়ত, বাংলাদেশী লোকজনে স্বীকাৰ কৰিছিল যে তেওঁলোকে জংঘলৰ পথ আৰু এক্সপ্ৰেছ ৰে'ল ব্যৱহাৰ কৰি বাংলাদেশৰ ঢাকাৰ পৰা ভাৰতলৈ আহিছিল । ইয়াৰ পিছত, তেওঁ দিল্লীত বসতি স্থাপন কৰে ৷ তাৰ পাচতে তেওঁৰ পত্নী আৰু সন্তানক বাংলাদেশৰ পৰা ভাৰতলৈ আনি ৰংপুৰীত আত্মগোপন কৰি থাকিবলৈ আৰম্ভ কৰে ।
আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰাৰ সময়ত তেওঁলোকে তেওঁলোকৰ বাংলাদেশী পৰিচয় পত্ৰ ধ্বংস কৰিছিল । এই অভিযানে দক্ষিণ পশ্চিম জিলা আৰক্ষীৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান শক্তিশালী কৰিছে বুলি আৰক্ষীয়ে উল্লেখ কৰে । লগতে পৰৱৰ্তী সময়তো আৰক্ষীয়ে এনে ধৰণৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।