thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 6:52 PM IST

ETV Bharat / Videos

Maligaon Flyover : মুকলি হ'ল মালিগাঁৱৰ নীলাচল উৰণ সেতু

গুৱাহাটী, 30 আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত বুধবাৰে মুকলি হ'ল মালিগাঁও উৰণ সেতু ৷ নীলাচল উৰণ সেতু হিচাবে নামাকৰণ কৰা হৈছে এই সেতুখনৰ ৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন মুকলি কৰে ৷ কামাখ্যা গেটৰ দিশত ফিটা কাটি মুখ্যমন্ত্ৰীয়ে সেতুখন ৰাইজৰ বাবে মুকলি কৰে ৷

কামাখ্যা গেটৰ দিশত মুখ্যমন্ত্ৰীয়ে সেতুখনৰ ওপৰেৰে খোজকাঢ়ি আহি মালিগাঁও চাৰিআলিত অয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰে ৷ উল্লেখ্য যে 2021 চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত আজি মুকলি হোৱা উৰণ সেতুখন নিৰ্মাণৰ বাবদ 420 কোটি টকা ব্যয়‌ কৰা‌ হৈছে ৷ এই উৰণ সেতুখনৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ ৷

উৰণসেতুখন গুৱাহাটীৰ ভিতৰতে অন্যতম দীঘলীয়া উৰণসেতু ৷ এই সেতুখনৰ এটা অংশ কামাখ্যা গেটৰ পৰা মালিগাঁৱৰ বৰিপাৰাৰ ৰে’লৱেৰ উৰণ সেতুৰ লগ লাগিছে ৷ মালিগাঁৱৰ পৰা‌ উৰণসেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে ৷ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি উৰণ সেতুখন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷ 

লগতে পঢ়ক : Maligaon Flyover : দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ’ব মালিগাঁও উৰণ সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.