thumbnail

By ANI

Published : Nov 10, 2023, 11:17 AM IST

ETV Bharat / Videos

Assam CM slams Congress : 'কংগ্ৰেছক ভোট দিয়া মানে বাবৰ আৰু ঔৰংগজেৱসকলক ভিটামিন দিয়া'-ড৹ হিমন্ত বিশ্ব শৰ্মা

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : মোগল, বাবৰ, ঔৰংগজেৱ আদি নাম বা শব্দবোৰ কেৱল বুৰঞ্জীতে নহয় বৰ্তমান সময়ত ৰাজনীতিতো ব্যাপক ব্যৱহাৰ হোৱা দেখা গৈছে । সচৰাচৰ বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ এই শব্দবোৰ ব্যৱহাৰ কৰে । মোগল সম্ৰাট বাবৰ আৰু ঔৰংগজেৱৰ নাম লৈ এইবাৰ পুনৰ কংগ্ৰেছক তীব্ৰ আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

নিৰ্বাচনমুখী মধ্যপ্ৰদেশত এক প্ৰচাৰ সভাত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠে । তেওঁৰ মতে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক দলে ভোট দিলে বাবৰ আৰু ঔৰংগজেৱসকলক ভিটামিন দিয়াৰ দৰে হ'ব । খাণ্ডৱাত এক ৰাজহুৱা ৰেলী সম্বোধন কৰি তেওঁ ভুলক্ৰমেও কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায় । কিয়নো তেওঁৰ মতে কংগ্ৰেছক ভোট দিয়াৰ অৰ্থ হ'ব দেশৰ বাবৰসকলক উৎসাহিত কৰা । এই ক্ষেত্ৰত শেহতীয়া নিৰ্বাচত কংগ্ৰেছ জয়ী হোৱা কৰ্ণাটকৰ কথাও তেওঁ উল্লেখ কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ৰাজনৈতিক মহল উত্তাল হৈ পৰিছে ।

লগতে পঢ়ক :Madhya Pradesh Election 2023 : মধ্যপ্ৰদেশত ঋণ ৰেহাইৰ ঘোষণা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.