Assam CM on Durga puja 2023: ৰাইজে বিচাৰিলে পূজাত ঘোষণা কৰা হ’ব ড্ৰাই ডে’, মুখ্যমন্ত্ৰী - দুৰ্গা পূজা কমিটিসমূহলৈ আৰ্থিক সহায়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:44 AM IST

গুৱাহাটী, 18 অক্টোবৰ: গুৱাহাটীৰ বাজপেয়ী ভৱনত মংগলবাৰে অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ সভাত দুৰ্গা পূজা কমিটিসমূহলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ দৰে পৰম্পৰাগত ৰাস উদযাপনৰ বাবেও ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । আন ধৰ্মৰ লোকেও এনেধৰণে সহায়-সাহায্য বিচাৰিলে ৰাজ্য চৰকাৰে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে, ৰাজ্যৰ 6953 খন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰে এইবছৰ 10 হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব বুলি কেবিনেটযোগে সিদ্ধান্ত গ্ৰহণ কৰিছে । তদুপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে পূজাৰ সময়ত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব নে নহয় সেই সন্দৰ্ভতো ঘোষণা কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মদৰ দোকান বন্ধ কৰি দিয়া নহয় । বন্ধ দিলে কি হ’ব । আজিয়ে মদ কিনি ষ্টক কৰিব । মদৰ চোৰাং বজাৰ আৰম্ভ হ'ব । চোৰাং মদৰ গুৰুত্ব বাঢ়িব ৷" 

অৱশ্যে জনসাধাৰণে বিচাৰিলে গ্ৰাই গে’ ঘোষণা কৰা হ’ব বুলিও ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Beneficiary remarks on artists: শিল্পী-সাহিত্যিকৰ প্ৰতি চৰকাৰে পুতৌ দেখুওৱাৰ কোনো প্ৰয়োজন নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.