thumbnail

By

Published : Jul 18, 2023, 11:04 PM IST

ETV Bharat / Videos

Assam boy to travel to amarnath riding a bicycle:চাইকেলেৰে পৱিত্ৰধাম অমৰনাথলৈ যাত্ৰা হোজাইৰ ৰাজদীপ ভৌমিকৰ

হোজাই, 18 জুলাই : ড্ৰাগচমুক্ত অসম আৰু সমাজৰ ব্যাধিস্বৰূপ বাল্যবিবাহ ৰোধৰ এক বাৰ্তা লৈ পৱিত্ৰধাম অমৰনাথলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ ৰাজদীপ ভৌমিকৰ । ড্ৰাগচ আৰু বাল্যবিবাহৰ বিৰুদ্ধে সমাজখনক সজাগ কৰি তোলাৰ বাৰ্তা লৈ হোজাইৰ এইজন যুৱকে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । এক মহৎ বাৰ্তা লৈ সুদূৰ পৱিত্ৰধাম অমৰনাথলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে ৰাজদীপ ভৌমিক নামৰ যুৱকজনে । হোজাই শংকৰদেৱ নগৰৰ যুৱকজনে মঙলবাৰে হোজাই মহকুমাৰ শংকৰদেৱ নগৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰে এই যাত্ৰা ।

হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাইৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত কুমাৰ দাসে যুৱকজনৰ এই মহান প্ৰচেষ্টাক শলাগ লৈ যাত্ৰাৰ বাবে শুভকামনা জনায় । উল্লেখ্য যে, চাৰিমাহ পূৰ্বে পৱিত্ৰ কেদাৰনাথ ধাম ভ্ৰমণ কৰি অহা ৰাজদীপে অমৰনাথলৈ ৪ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিব । ইয়াৰ বাবে সময় লাগিব সৰ্বমুঠ ৫০ টা দিন । ইটিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰাও ৰাজদীপলৈ অফুৰন্ত শুভেচ্ছা ।

লগতে পঢ়ক : Mobile veterinary hospital in Hojai:দূৰত্ব মাথো এটি ফোনকলৰ, পদূলিতে পাব পশু চিকিৎসক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.