India Taekwondo champion of champions: সোণৰ পদক লাভ অসম সন্তানৰ - মহাৰাষ্ট্ৰৰ নাচিক
🎬 Watch Now: Feature Video
আমগুৰি, ২৫ জুলাই : মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হোৱা ইণ্ডিয়া টাইকোৱাণ্ডো ফাইনেল চেম্পিয়ন অৱ চেম্পিয়নছ চাব জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আমগুৰিৰ কল্যাণ জ্যোতি গোঁহাইয়ে । যোৱা ১৯ জুলাইৰ পৰা ২২ জুলাইলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ইণ্ডিয়া টাইকোৱাণ্ডো ফাইনেল চেম্পিয়ন অৱ চেম্পিয়নছৰ ২৫ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰা কল্যাণ জ্যোতি গোঁহাইয়ে তামিলনাডুৰ প্ৰতিদ্বন্দীক ধাৰাশায়ী কৰি সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ।
আমগুৰি লালিম ছিগাৰ নিবাসী পদ্ম গোঁহাই আৰু প্ৰণামিকা গোঁহাইৰ সন্তান কল্যাণ জ্যোতি গোঁহাইয়ে আমগুৰিস্থিত অসম টাইকোৱাণ্ডো একাডেমী, ইণ্ডিয়াত ২০২১ চনৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । মঙলবাৰে মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা আমগুৰিত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰতিভাৱান খেলুৱৈ কল্যাণ জ্যোতি গোঁহাইক গাঁওবাসীয়ে ঢোলে-দগৰে আদৰণি জনায় । লালিম ছিগাৰ অৰ্ধ-শতাধিক গাঁওবাসীয়ে আমগুৰি ৰেল জংছনত উপস্থিত হৈ গামোচা-ফুলৰ থোপাৰে আদৰণি জনায় ।
কল্যাণ জ্যোতি গোঁহাইৰ সাফল্যত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই আদৰণি জনোৱাৰ লগতে আমগুৰিৰ জ্যেষ্ঠ সাংবাদিক বাবুল কুমাৰ বৰুৱাই আদৰণি জনায় । উল্লেখ্য যে প্ৰতিভাৱান খেলুৱৈ কল্যাণ জ্যোতি গোঁহাইয়ে ২০২২-২৩ বৰ্ষত যোৰহাটত অনুষ্ঠিত দ্বিতীয় ইনটাৰ ক্লাৱ ফ্ৰেণ্ডশ্বিপ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ লগতে বঙাইগাঁও, নাজিৰা, যোৰহাটস্থিত দিল্লী পাব্লিক স্কুলতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক : All Assam Para Sports: সদৌ অসম পেৰা স্পৰ্টছত ফটিক বৰাৰ সোণৰ পদক অৰ্জন