গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:16 PM IST

thumbnail

গুবাহাটী, ১৭ ডিচেম্বৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য় গুৱাহাটীত অসম গ্ৰন্থমেলাৰ লাইখুঁটা আজি স্থাপন কৰা হয় ৷ দেওবাৰে দিনৰ ১২ বজাত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা স্থাপন কৰে  উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে ৷ মাংগলিক কাৰ্যক্ৰমেৰে লাইখুঁটা স্থাপন কৰি নাৰায়ণ কোঁৱৰে কয়, ‘‘অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা অসম গ্ৰন্থমেলা গুৱাহাটীয়ে এইবাৰ নতুন বৈশিষ্ট্য কঢ়িয়াই আনিব ৷’’

ৰাজ্যখনৰ হাফলং,তিনিচুকীয়া, নলবাৰী, শিৱসাগৰ, শিলচৰকে ধৰি বেংগালুৰুটো অসম গ্ৰন্থমেলা সুকলমে সম্পন্ন হোৱাৰ পাছত এতিয়া গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ বাবে সকলো সাজু হৈ উঠিছে ৷ আজি লাইখুঁটা স্থাপন কৰি কোঁৱৰে লগতে কয় যে অসম গ্ৰন্থমেলা এতিয়া সকলোৰে আদৰৰ অনুষ্ঠান ৷ আজিৰ অনুষ্ঠানটোত লেখক, সাংবাদিক কমল লোচন দাসে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয়, "অসম প্ৰকাশন পৰিষদত জড়িত থকাৰ সময়ৰ পৰাই এই গ্ৰন্থমেলাসমূহৰ লগত সম্পৃক্ত আছিলো ৷ কৰ্মসূত্ৰে বাহিৰত থকাৰ হেতুকে যোৱা কিছু বছৰ এই গ্ৰন্থমেলাৰ লগত সম্পৃক্ত হ'ব পৰা নাছিলো ৷ এইবাৰ উদ্যোক্তাসকলৰ আমন্ত্ৰণ লাভ কৰি পুনৰ ঘৰৰ ল'ৰা ঘৰলৈ ঘুৰি অহা যেন লাগিছে ৷ "

প্ৰবোধ দাসে আঁতধৰা অনুষ্ঠানটোত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলাৰ ২০২৩-২৪ বৰ্ষৰ স্বৰ্ণময় যাত্ৰা সফল কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি বক্তব্য আগবঢ়ায় ৷ আজিৰ অনুষ্ঠানটোত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী উপস্থিত থাকে ৷ 

লগতে পঢ়ক:এন পি এছ বাতিলৰ দাবীত গুৱাহাটীত কৰ্মচাৰী পৰিষদৰ বিশাল প্ৰতিবাদী সভা 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.