Bhabesh Kalita: তিনিচুকীয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা; কংগ্ৰেছক আক্ৰমণ - অটল বিহাৰী বাজপায়ী ভৱন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2023, 3:57 PM IST

তিনিচুকীয়া, 18 আগষ্ট: শুকুৰবাৰে বৰগুৰিস্থিত তিনিচুকীয়া জিলাৰ অটল বিহাৰী বাজপায়ী ভৱনত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সভাপতিগৰাকীয়ে ।  

ডিব্ৰুগড় জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ সভাৰ পাছতে শুকুৰবাৰে তিনিচুকীয়াত উপস্থিত হয় ভৱেশ কলিতা ৷ তিনিচুকীয়া অটল বিহাৰী বাজপয়ী ভৱনত তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ বিজেপি নেতাৰ লগতে পৌৰসভাৰ পৌৰপতি আৰু জিলা পৰিষদৰ বিষয়ববীয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত বহে ৷

আনহাতে, সাংবাদিকৰ প্ৰশ্নত কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত যি মন্তব্য আগবঢ়ায় সেইয়া সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন ৷ হীনমন্যতাত ভুগি আৰু শংকিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰি থকা বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম বিজেপিয়ে ৷ অৱশ্যে শেহতীয়াকৈ অসম বিজেপিত আৰম্ভ হৈছে বিসম্বাদৰ ৷ 

লগতে পঢ়ক: Indrani Tahbildar Death: ইন্দ্ৰানী টহবিলদাৰ আত্মহত্যাত একো ক’ব খোজা নাই মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.