Bhabesh Kalita on WBe violence: পশ্চিম বংগত ভূ-লুণ্ঠিত হৈছে মানৱতা; ভৱেশ কলিতা - Bhabesh Kalita on West Bengal violence
🎬 Watch Now: Feature Video

ৰঙিয়া, ২৩ জুলাই: শেহতীয়াভাৱে দেশৰ লগতে সমগ্ৰ বিশ্বকে জোঁকাৰি গৈছে মণিপুৰৰ লজ্জাজনক ঘটনাই ৷ এই জঘন্য ঘটনা সন্দৰ্ভত ইতিমধ্য়ে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত কয়," জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে আমি এই ঘটনাক গৰিহণা দিছো ।"
মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নামমাত্ৰ উল্লেখ কৰি পশ্চিম বংগৰ কথাহে ব্য়াখ্য়া কৰে । তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষুৰধাৰ সমালোচনা কৰি কয়,"পশ্চিম বংগৰ কথাতহে বিৰোধীয়ে মাত মাতিব লাগে । পশ্চিম বংগত মমতা বেনাৰ্জীয়ে যি স্বৈৰাচাৰী শাসন চলাইছে তাৰ দ্বাৰা মানৱতাৰ ভূ-লণ্ঠন কৰা হৈছে । হাজাৰ হাজাৰ মানুহ পশ্চিম বংগ এৰিবলৈ বাধ্য হৈছে । পাশৈৱিক অত্যাচাৰ চলোৱা হৈছে মানুহৰ ওপৰত ।"
ইফালে, বিৰোধীৰ মহাজোঁট INDIA সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷ তেওঁ কয়,"পশ্চিম বংগত কি ঘটিছে ! তাত কিয় গণতন্ত্ৰ হত্যা কৰা হ'ল ? এই কথা তেওঁলোকে চৰ্চা কৰে যেন । তেওঁলোকে ভাৰতবাসীক জনাই যেন পশ্চিম বংগত কি ঘটনা ঘটিছে ।"
লগতে পঢ়ক:Manipur violence: মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পদত্যাগৰ দাবীত উত্তাল ৰাজ্য