thumbnail

Junmoni Rabha death case update: "অসমৰ মন্ত্ৰী, আৰক্ষীয়ে কৰিব নোৱাৰা কাম লাভলী কাটিয়াৰে" কৰি দেখুৱালে

By

Published : Jun 17, 2023, 5:10 PM IST

আমগুৰি, ১৭ জুন:"আজি চিবিআইৰ যি গৰাকী বিষয়াই ঘটনাৰ তদন্তটো কৰিছে, সেয়া আমি এতিয়া চিনেমাৰ শ্বুটিং চোৱাৰ নিচিনাকৈ চাই আছো ৷ চি আই ডিয়ে তদন্ত কৰাৰ সময়ত সাংবাদিকসকলক বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল ৷ এতিয়া চিবিআইৰ তদন্তত সাংবাদমাধ্যমক বাৰণ নকৰাত আমি কিছু ভাবিবলৈ বাধ্য হৈছো ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমসকলৰ বাবে এটা নিৰ্দেশনা দিব লাগিছিল সংবাদ মাধ্যমসমূহে এটা পৰ্যায়লৈহে আৰক্ষী বিষয়াগৰাকীৰ লগত থাকিব ৷ সকলো সময়তে আৰক্ষী বিষয়াগৰাকীক সংবাদমাধ্যমে বেৰি ৰখাটো গ্ৰহণযোগ্য নহয় ৷ কাৰণ তেওঁ এটা কেছৰ তদন্ত কৰিবলৈ আহিছে, চিনেমাৰ শ্বুটিং কৰিবলৈ অহা নাই ৷" এক সংবাদ মেলযোগে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত CBI ৰ অনুসন্ধানৰ সমগ্ৰ প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীৰ হস্তপক্ষেপ বিচাৰি এই মন্তব্য প্ৰকাশ কৰে অসমীয়া যুৱ মঞ্চৰ ৷

অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দায়িত্ব লৈ CBI য়ে চলোৱা অনুসন্ধান কাৰ্যক চিনেমাৰ শ্বুটিং আখ্যা দিছে অসমীয়া যুৱ মঞ্চই ৷ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই আমগুৰিত শণিবাৰে আয়োজন কৰা সংবাদমেলত দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সন্থাটোৱে জোনমনি ৰাভাৰ মৃত্যুৰ অনুন্ধান চলোৱাৰ প্ৰতিটো মূহুৰ্ত সংবাদ মাধ্যমৰ আৱেষ্টনীৰ মাজত কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ৷ অভিযোগৰ আঙুলি উঠা লীনা দ'লে, ৰুণা নেওগৰ দৰে শীৰ্ষ আৰক্ষী বিষয়া CBI ৰ অনুসন্ধানৰ আওতাত আহিবনে আৰু তেওঁলোকক কেনেদৰে সোধা পোছা কৰা হৈছিল সেয়াও সংবাদ মাধ্যমত দেখুৱাব লাগে বুলি মন্তব্য কৰে সংগঠনটোৱে ৷ 

লগতে পঢ়ক: Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.