Electricity tariff hike in Assam: শক্তিমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল শিৱসাগৰ
🎬 Watch Now: Feature Video
শিৱসাগৰ,3 ফেব্ৰুৱাৰী: ৰাজ্যত বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে(Asomiya yuva manch opposes power tariff hike) ৷ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই । সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই এইদৰে বাৰে বাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য বন্ধ কৰাৰ বাবে অসম শক্তি বিতৰণ কোম্পানী(Assam Power Distribution Company Limited) তথা চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড লৈ শক্তিমন্ত্ৰী হায় হায়, বিদ্যুৎ মাচুল হ্ৰাস কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পদত্যাগৰো দাবী জনায় । ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰতি ইউনিটত পুনৰ 20 পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি(Power tariff hike in Assam) কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL এ ৷ ইয়াৰ পাচত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ নেতাৰ লগতে সৰ্বসাধাৰণ ৰাইজ ৷ ইয়াৰ বিৰুদ্ধে আন্দোলনৰো হুংকাৰ দিছে বিভিন্ন দল সংগঠনৰ নেতৃত্বই ৷
মন কৰিবলগীয়া যে নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত গ্ৰাহকে প্ৰতি ইউনিটত 30 পইচাকৈ অতিৰিক্ত মাচুল আদায় দি আছে ৷ ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেজ প্ৰাইছ এডজাষ্টমেণ্টৰ (Fuel and power purchase price adjustment) নামত অৰ্থাৎ খাৰুৱা তেলৰ দাম বৃদ্ধিৰ অজুহাতত সৰ্বসাধাৰণৰ পৰা অতিৰিক্তভাৱে মুঠ 50 পইচাকৈ নিৰিখ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লৈছে অসম শক্তি বিতৰণ কোম্পানীয়ে ।
কেৱল সিমানেই নহয়, ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে অতিৰিক্ত বিদ্যুৎ মাচুল আদায় দিয়াৰ পাচত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে আকৌ এপ্ৰিলৰ পৰা বছৰেকীয়া বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজাও বহন কৰিব লাগিব বুলি জানিব পৰা হৈছে (Electricity price hike in Assam) । জানিব পৰা মতে, এ পি ডি চি এলে প্ৰতি ইউনিটত 1 টকাকৈ বছৰেকীয়া মাচুল বৃদ্ধিৰ বাবে নিয়ামক আয়োগৰ ওচৰত আবেদন জনাই থৈছে । এ পি ডি চি এলে প্ৰায় 900 কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰি থৈছে এই আবেদন ।
লগতে পঢ়ক: Electricity tariff hike in Assam: পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ সৰৱ আছু