Arunodaya card distribution in Hojai :হোজাইত অৰুণোদয় কাৰ্ড বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:32 PM IST

thumbnail

হোজাই, ১১ অক্টোবৰ: আজি সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভণি হৈছে অৰুণোদয় ২.০ আঁচনিৰ অধীনত নতুনকৈ অৰ্ন্তভুক্ত হোৱা হিতাধিকাৰীক অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচী । হোজাই জিলাতো নতুনকৈ অৰ্ন্তভুক্ত ১৬ হাজাৰ ৯৮ গৰাকী মহিলাক অৰুণোদয় কাৰ্ড প্ৰদানৰ শুভাৰম্ভণি কৰা হয় । বিশেষকৈ দিব্যাংগ,বিধৱা মহিলাক অগ্ৰাধিকাৰ দি হিতাধিকাৰী নিৰ্বাচন কৰা আঁচনিখনৰ জৰিয়তে আজি জিলাখনৰ শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত প্ৰতিকী ৰূপত কাৰ্ড প্ৰদান কৰা হয় ।

জিলাখনৰ তিনিটা সমষ্টিৰ ২৫ গৰাকী হিতাধিকাৰীক অৰুণোদয় অনুমোদন পত্ৰ (কাৰ্ড) আনুষ্ঠানিকভাৱে প্ৰদান কৰে আৱকাৰী আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ১০ সহস্ৰাধিক মহিলা উপস্থিত থকা অনুষ্ঠানটোত জিলা আয়ুক্ত লাচিত কুমাৰ দাস,আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ লগতে হোজাই আৰু লামডিঙৰ বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ উপস্থিত থাকে ।

লগতে পঢ়ক:Fire Break out : নলবাৰীৰ অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানৰ পেণ্ডেলত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.