Arunachal liquor seized: ৰঙাপৰাত আবকাৰী বিভাগে জব্দ কৰিলে কাৰ্টনে কাৰ্টনে সুৰাৰ বটল - অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
🎬 Watch Now: Feature Video

ৰাজ্যত চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷ এইবাৰ ৰঙাপৰাত আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা (Arunachal liquor seized by Excise department ) । বুধবাৰে দিনৰ প্ৰায় 1 বজাত গোপন সূত্ৰৰ পম খেদি আবকাৰী বিভাগৰ উপ পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত এটা দলে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত উপৰ কছাৰী গাঁৱৰ এঘৰ মানুহৰ ঘৰত অভিযান চলায় ৷ অভিযানত আবকাৰী বিভাগৰ দলটোৱে 15 কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে (Arunachal Liquors seized at Rangapara) ৷
Last Updated : Feb 3, 2023, 8:29 PM IST