Artificial Flood in Guwahati: নাৰেংগী, নুনমাটি, ভিআইপি পথৰ ওপৰত একাঠু পানী, কৃত্ৰিম বানৰ কবল মহানগৰবাসী

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:48 PM IST

thumbnail

গুৱাহাটী,৩০ ছেপ্টেম্বৰ: বিয়লিৰ ভাগত অহা বৰষুণে বুৰালে মহানগৰীৰ বিভিন্ন স্থান ৷ কৃত্ৰিম বানত ককবকাই থাকিব লগা হ’ল মহানগৰবাসী ৷ শনিবাৰে সন্ধিয়াৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ আন আন ঠাইৰ লগতে নুনমাটি, নাৰেংগী, পাথৰকোৱাৰী, সাতগাঁও, বৰবাৰী, ভি আই পি পথ, পাঞ্জাবাৰী, বেলতলা আদি অঞ্চল কৃত্ৰিম বানত বুৰ যায়  ৷

যাৰ ফলত উক্ত অঞ্চলত যাতায়ত কৰা সাধাৰণ জনতাৰ লগতে যানবাহন চালকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । ইফালে এজাক বৰষুণতে সাতগাঁও এছ এফ এছ বিদ্যালয়ৰ পৰা সাতগাঁও ৰে’ল লাইনৰ প্ৰায় 1 কিঃমি পথত একাঠু পৰ্যন্ত পানী উপচি পৰে পথচোৱাত ৷ ইফালে কৃত্ৰিম বানত জলমগ্ন হৈ পৰা অঞ্চলসমূহত যাতায়াতৰ ক্ষেত্ৰত সুবিধা গ্ৰহণ কৰে একাংশ ৰিক্সা চালকে । জলমগ্নপথ পাৰ কৰি দিয়াৰ বিনিময়ত ৰিক্সা চালকে পথচাৰীৰ পৰা 100 পৰা 150 টকা পৰ্যন্ত আদায় লয় ।

লগতে পঢ়ক:Artificial Flood in Guwahati: এজাক বৰষুণে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.