Artificial flood in Dibrugarh : এজাক বৰষুণতে বুৰিল ডিব্ৰুগড়ৰ ৰাজপথ - ডিব্ৰুগড় চহৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 6:26 PM IST

ডিব্ৰুগড়, 3 আগষ্ট : নিশাৰ পৰা পুৱালৈকে হোৱা বৰষুণে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰৰ ৰাইজৰ মাজত ৷ কাৰণ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ ৷ একেলেঠাৰিয়ে কেইবাঘণ্টা ধৰি হোৱা ৰষুণত চহৰখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ কৃত্ৰিম বানৰ কবলত ৷

চহৰখনৰ উপকন্ঠ অঞ্চল বাণীপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰেৰে বাগৰিছে কৃত্ৰিম বান ৷ চহৰখনলৈ অহা প্ৰধান ৰাজপথত এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত যাত্ৰীবাহী বাহনসমূহ চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ পানী নিষ্কাশনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ ৰাইজৰ ৷

উল্লেখ্য যে, বাণীপুৰতে আছে ডিব্ৰুগড়ৰ নৱ নিৰ্মিত ৰে’ল ষ্টেচন ৷ কিন্তু ৰে’ল ষ্টেচনলৈ যোৱা সকলো পথত আবেলি পৰ্যন্ত একাঁঠু পানী ৷ সু- পৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰা বাবেই এই ভয়ংকৰ পৰিস্থিতিৰ মুখামুখী হ'বলগা হৈছে ডিব্ৰুগড়ৰ ৰাইজে ৷ 

পাঁচ বাৰকৈ ডিব্ৰুগড়ৰ বিধায়কৰ দায়িত্ব পায়ো ডিব্ৰুগড়ৰ ৰাইজক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম নহ'ল বিধায়ক প্ৰশান্ত ফুকন ৷ ৰাইজৰ দাবী চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্ৰেই এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক : Moran Erosion: মৰাণৰ ভগামূৰত বুঢ়ীদিহিঙে টোপনি কাঢ়িছে ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.