ৰঙিয়াত কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:21 PM IST

thumbnail

ৰঙিয়া, ১৯ নৱেম্বৰ : ৰঙিয়াৰ বৰদোঙা বটাকুছিত এইবাৰ শূঁৰ পোকৰ উপদ্ৰৱ ‌। কৃষকৰ সোণগুটি চপোৱাৰ সপোন ধুলিসাৎ কৰিছে এই শূঁৰ পোকে । শূঁৰ পোকৰ গ্ৰাসত পৰিছে ৰঙিয়া মহকুমাৰ শ শ হেক্টৰ ধাননি পথাৰ । পথাৰত মূৰে কপালে হাত দিবলগা হৈছে কৃষকে ।

জানিব পৰা মতে, শূঁৰ পোকৰ গ্ৰাসত ৰঙিয়াৰ বৰদোঙা বটাকুছিৰ ধাননি পথাৰ । শূঁৰ পোকে ছানি ধৰিছে ধাননি পথাৰ । এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ নকৰাত বিয়াগোম কৃষি বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । নিতৌ ন ন অঞ্চললৈ বৃদ্ধি পাইছে শূঁৰ পোকৰ উপদ্ৰৱ । কঁপালৰ ঘাম মাটিত পেলাই কৰা শষ্যডৰা চকুৰ সন্মুখতে নষ্ট হোৱাত হতাশাত ভুগিছে দুৰ্ভগীয়া কৃষকে ।

দিনত ধানৰ চোপত লুকাই থাকি সন্ধিয়া ধাননি পথাৰ ভৰি পৰা শূঁৰ পোক নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিছে যদিও সুফল পোৱা নাই । কৃষকক এই পোকৰ পৰা পৰিত্ৰাণ দিবলৈ নাই কৃষি বিভাগৰ তিলমানো সহযোগ । ৰাজ্যৰ প্ৰায়বোৰ খেতি পথাৰত একেই অৱস্থা । এইসকল সাধাৰণ কৃষকৰ দুৰৱস্থাৰ কথা বুজিবনে বিয়াগোম বিভাগটোৱে ?

লগতে পঢ়ক : ভাইজানৰ টাইগাৰ ৩ ছবিখনে এই পৰ্যন্ত কিমান সংগ্ৰহ কৰিলে ? জানি লওক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.