thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:32 PM IST

ETV Bharat / Videos

Dussehra in Mirza: দক্ষিণ কামৰূপৰ সৰপাৰাত ১৫০ ফুট উচ্চতাৰ ৰাৱণ দাহ

মিৰ্জা, ২৪ অক্টোবৰ: ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক দশমীৰ বিয়লি বিসৰ্জন দিয়াৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত সন্ধিয়া দশেৰা উদযাপন কৰা হয় । দশেৰা উপলক্ষে অসমৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাৱণ দাহ কাৰ্যসূচী । দক্ষিণ কামৰূপৰ সৰপাৰাত প্ৰায় ১৫০ ফুট উচ্চতাৰ ৰাৱণ দাহ কৰা হয় ৷ আজিৰ দিনটোতেই ৰামে লংকাপতি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি আনিছিল । তেতিয়াৰে পৰা প্ৰতীকি ৰূপত ৰাৱণ দাহ কৰি দশেৰা উদযাপন কৰা হয় । সৰপাৰা ফ্রেণ্ডছ ক্লাবৰ উদ্যোগত আয়োজন কৰা ৰাৱণ দাহ অনুষ্ঠানত গীতাঞ্জলী, কুমাৰ বিকাশে সংগীত অনুষ্ঠান পৰিবেশন কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা, পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া, অভিনেতা হিৰণ্য ডেকা, অতিৰিক্ত জিলা উপায়ুক্ত কমল বৰুৱাকে ধৰে ভালেকেইজন ব্যক্তি উপস্থিত থাকে । দক্ষিণ কামৰূপৰ এই ৰাৱণ দাহ অনুষ্ঠানত লক্ষাধিক লোকে ভিৰ কৰে ।

লগতে পঢ়ক: Durga Puja 2023 : বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.