Hike in Electricity Charges: পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিক লৈ দিশহাৰা গ্ৰাহক - বিদ্যুৎ মাচুল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-10-2023/640-480-19655797-thumbnail-16x9-apdcl.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 1, 2023, 5:35 PM IST
টীয়ক, 1 অক্টোবৰ: ৰাজ্যত বিদ্যুতৰ অত্যাধিক লুকা ভাকুৱে ৰাইজক হাৰাশাস্তি দি থকাৰ মাজতে চৰকাৰৰ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তই বিভ্ৰান্তিত পেলাইছে সকলোকে ৷ ঘৰুৱা বিদ্যুতৰ সমান্তৰালভাৱে এইবাৰ ব্যৱসায়ীক বিদ্যুতৰ প্ৰতি ইউনিটত ১.২৯ টকালৈকে বৃদ্ধিৰ সিদ্ধান্তই বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলাব বুলি শংকিত হৈ পৰিছে ৰাইজ ৷
উল্লেখযোগ্য যে নিতৌ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাজ্যৰ, বিশেষকৈ খাটি খোৱা জনতাক কোঙা কৰাৰ সময়তে এইদৰে বিদ্যুৎ মাচুল বৃদ্ধিয়ে ভূতৰ ওপৰত দানহ পৰাদি ৰাইজৰ ওপৰত পৰিছে আৰু এয়া অতি দুৰ্ভাগ্যজনক বুলি বহুতে আখ্যা দিছে ৷ ইফালে বৰ্তমান অসম চৰকাৰৰ শক্তি বিভাগ কেৱল নামতহে থাকি ৰাজ্যত না নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব পাৰিছে না অনান্য সুবিধাবোৰ প্ৰদান কৰিছে ৷
কেৱল সময়ে সময়ে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাজহ সংগ্ৰহ কৰিয়েই বিভাগটো জীয়াই ৰাখিছে ৷ সেয়েহে এইক্ষেত্ৰত অনতি পলমে এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি খাটিখোৱা জনতাক কিছু সকাহ দিবলৈ টীয়কৰ স্থানীয় গ্ৰাহক তথা ব্যৱসায়ীসকলে চৰকাৰক আহ্বান জনাইছে ৷
লগতে পঢ়ক : Artificial flood in Guwahati: কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম