Bhupen Borah in Dibrugarh : বতাহ-ধুমুহা আহিলেও কংগ্ৰেছৰ নেতৃত্বত অসমৰ 12 টা ৰাজনৈতিক দল একেলগে থাকিব; ভূপেন বৰা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:27 PM IST

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিজেপিৰ বিৰোধী দল সমূহক লৈ গঠন কৰি হৈছে INDIA ৷ এই INDIA মিত্ৰজোঁটত প্ৰদেশ কংগ্ৰেছকে ধৰি 12 টা ৰাজনৈতিক দল চামিল হৈছে ৷

ইয়াৰ লক্ষ্য হ'ল অসমত বিজেপি বিৰোধী এক শক্তিশালী বিৰোধী শক্তি গঠন কৰা ৷ কিন্তু এই মিত্ৰতাক লৈ শাসক দল বিজেপিৰ নেতা, মন্ত্ৰী- বিধায়কে তীব্ৰ সমালোচনা কৰাক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই কয়, অসমৰ 12 টা দলে একেলগে সন্মিলিত ঐক্য গঠন কৰাটো নিশ্চিত হৈছে ৷ কেৱল আনুষ্ঠানিকতা বাকী আছে ৷ দিল্লীত আলোচনা কৰি অসমৰ 12 টা দল INDIA ত চামিল হৈছে ৷ বতাহ-ধুমুহা আহিলেও কংগ্ৰেছৰ নেতৃত্বত অসমৰ 12 টা ৰাজনৈতিক দল একেলগে থাকিব বুলি কয় তেওঁ ৷ 

লগতে পঢ়ক : INDIA Meets in Mumbai : ২০২৪ চনৰ লোকসভা নিৰ্বাচন; বিভেদৰ মাজতো একত্ৰিত মৰ্চাৰ বাবে সাজু ইণ্ডিয়া মিত্ৰজোঁট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.