thumbnail

গণতান্ত্ৰিক ব্যৱস্থাটোক মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে : ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:37 PM IST

তিনিচুকীয়া, 24 ডিচেম্বৰ : "সমগ্ৰ অসমতে বৰ্তমান চৰকাৰখনে এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে ৷" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ দেওবাৰে তিনিচুকীয়াত দলীয় এক কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

তেওঁ কয় যে, ৰাজ্যত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ডিমা হাচাওৰ পৰিষদীয় নিৰ্বাচনত বন্দুকৰ ভাবুকি দেখুৱাই, টকাৰ প্ৰলোভন দি গণতান্ত্ৰিক ব্যৱস্থাটোক মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ভূপেন বৰাই ৷  

বৰাই কয় যে, কংগ্ৰেছৰ চৰকাৰ থাকোতে আলফা আৰু চৰকাৰৰ শান্তি আলোচনা আগবাঢ়িছিল ৷ আলফাৰ লগত শান্তি আলোচনা যিমান পাৰি সোনকালে মীমাংসা কৰিলে ভাল ৷ আলফা আৰু চৰকাৰৰ শান্তি আলোচনা মুখ্যমন্ত্ৰীয়ে আগভাগলৈ স্থায়ী শান্তি ঘূৰাই অনাৰো দাবী ভূপেন বৰাৰ ৷ 

লগতে পঢ়ক : সাংস্কৃতিক মহাসংগ্ৰামত জ্যোতি সংগীত পৰিৱেশন মন্ত্ৰী যোগেন মহনৰ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.