Bhupen Bora at Silchar: কৰ্ণাটক দখল কৰাৰ পিছত অসমতো শক্তিশালী হৈ উঠিছে কংগ্ৰেছ; ভূপেন বৰা - ভূপেন বৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 17, 2023, 10:54 PM IST

শিলচৰ, 17 মে’: কৰ্ণাটক দখল কৰাৰ পিছত দেশৰ বাকী অংশৰ লগতে অসমতো শক্তিশালী হৈ উঠিছে কংগ্ৰেছ শিবিৰ ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বুধবাৰে শিলচৰত এক দলীয় কাৰ্যসূচীত এইদৰে মন্তব্য কৰে সভাপতিজনে (APCC President Bhupen Borah at Silchar) ৷  

এদিনীয়া কাৰ্যসূচীৰে বুধবাৰে শিলচৰত উপস্থিত হোৱা নেতাজনক কুম্ভীৰগ্ৰাম বিমানবন্দৰত কংগ্ৰেছ কৰ্মী সকলে আদৰণি জনায় ৷ বিমানবন্দৰৰ পৰা কমেও বৃহৎ  বাইক ৰেলীৰে শোভাযাত্ৰা কৰি দলীয় কৰ্মীসকলে শিলচৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ আনে সভাপতিজনক (Silchar Rajiv Bhawan) ৷  

ইয়াৰ পাছতে এক দলীয় সভাত অংশগ্ৰহণ কৰি তেওঁ কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ বিজয়ৰ বাবে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ দাবী কৰে যে দলৰ বিজয় আৰম্ভ হৈছে, এতিয়া কোনো শক্তিয়ে ইয়াক ৰোধ কৰিব নোৱাৰে ৷ অনাগত দিনত শিলচৰ পৌৰ নিগমৰ লগতে বৰাকৰ ৰাজনৈতিক ক্ষেত্ৰখনত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: Congress Fact Finding Team in Manipur : মণিপুৰৰ হিংসাৰ কাৰণ নিৰ্ণয় কৰিবলৈ কংগ্ৰেছৰ অনুসন্ধানকাৰী দল গঠন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.