Congress meeting in Bongaigaon : বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্য়া ভূপেন বৰাৰ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 8:31 PM IST

thumbnail

মাণিকপুৰ, ২২ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰত মঙলবাৰে নামনি অসম ভিত্তিত কংগ্ৰেছৰ কৰ্মশালা অনুষ্ঠিত হয় । কংগ্ৰেছৰ সামাজিক মাধ্যম শক্তিশালী কৰাৰ উদ্দেশ্যে জিলা আৰু ব্লক পৰ্যায়ৰ মুখপাত্র আৰু মিডিয়া কোষক লৈ ডিজিটেল বাহিনী গঠন কৰা হয় । এই কৰ্মশালাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থাকি এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক বুলি সমালোচনা কৰে । তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুল্যবৃদ্ধি ৰোধ কৰিবলৈ ছিণ্ডিকেট বন্ধ কৰাৰ পৰামৰ্শ দিছিল যদিও পৰামৰ্শ গ্ৰহণ নকৰাত আন এটা পৰামৰ্শ দিব বুলি উল্লেখ কৰে ৷

উক্ত সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে চৰকাৰে গাওঁসমূহ নগৰ লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ মন্তব্য় কৰে । লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপি চৰকাৰে কোচ-ৰাজবংশীসকলক প্ৰতাৰণা কৰা বুলিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছৰ এই কৰ্মশালাত সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম, আব্দুল বাতিন খন্দকাৰ, প্ৰদীপ সৰকাৰ, আব্দুৰ ৰশিদ মণ্ডলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Thief escape: কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী, বঙাইগাঁও আসামৰিক চিকিৎসালয়ৰ পৰা আচামীৰ পলায়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.