APCC president Bhupen Bora: মুকলিকৈ দিন ডকাইতিত লিপ্ত হৈছে পৰিবহন বিভাগ: ভূপেন বৰা - Bhupen Bora in Jorhat
🎬 Watch Now: Feature Video
Published : Nov 2, 2023, 10:27 PM IST
যোৰহাট, 2 নৱেম্বৰ: বৃহস্পতিবাৰে উত্তৰ-পশ্চিম যোৰহাট সাংস্কৃতিক বিকাশ কেন্দ্ৰত এপে চালক, এম্বুলেঞ্চ চালক আৰু শাক-পাচলি ব্যৱসায়ীৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে কৰ সংগ্ৰহৰ নামত DTO অফিচে মুকলিকৈ দিন ডকাইতিত লিপ্ত হৈছে ৷ কৰ সংগ্ৰহ নামত থলুৱা লোকসকলক হাৰাশাস্তি কৰিছে ৷
অসমত ‘তই’ সংস্কৃতিৰ দৰে ‘অশুভ পৰম্পৰা’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে ৷ সেয়েহে মুখ্যমন্ত্ৰী আৰ্দশক সৰোগত কৰি আইপিএছ আৰু অন্যান্য বিষয়াসকলে থলুৱা লোকসকলক তই বুলি ব্যৱহাৰ কৰিছে ৷ এই অশুভ পৰম্পৰা গোপীনাথ বৰদলৈ আৰু তৰুণ গগৈয়ে আৰম্ভ কৰা নাছিল । সেয়েহে মাছ সদায় মূৰৰ পৰাহে গেলে ।
লগতে বহিঃৰাজ্যত এক নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক বেংকৰ নচলা পইচা বুলি কৰা কটাক্ষৰ উত্তৰত ভূপেন বৰাই পুনৰ কয় যে আগন্তুক ৫ ৰাজ্যত বিজেপি পৰাস্ত হ'ব আৰু কংগ্ৰেছে শাসনৰ বাঘজৰী হাতত ল'ব । কাৰণ নচলা টকাৰে বজংৰগবলীৰ গদা বিজেপিৰ মুখলৈহে মাৰিলে ।
লগতে পঢ়ক: ED summons Kejriwal: I.N.D.I.A. ৰ শক্তি দেখি আজি বিজেপি কম্পমান: অপূৰ্ব ভট্টাচাৰ্য