Ripun Bora on Child Marriage : বাল্যবিবাহৰ অভিযোগত প্ৰধানমন্ত্ৰী মোদীক গ্ৰেপ্তাৰ কৰিব লাগে: ভূপেন বৰা - PM Narendra Modi

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:56 PM IST

কৰিমগঞ্জ, ৫ অক্টোবৰ : সম্প্ৰতি অসমত চলি আছে বাল্যবিবাহ-বিৰোধী অভিযান । বাল্যবিবাহ কৰোৱা বা বাল্যবিবাহৰ লগত জড়িত বিভিন্ন ব্যক্তিক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আনহাতে, অসম চৰকাৰে ঘোষণা কৰিছে যে অসমৰ পৰা বাল্যবিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ'ব । কিন্তু বাল্যবিবাহৰ প্ৰসংগত অসম চৰকাৰৰ ভূমিকা সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰাই ।

লগতে কংগ্ৰেছৰ যুৱ সমাৰোহত ভূপেন বৰাই কৰে বিতৰ্কিত মন্তব্য । "বাল্য বিবাহৰ অভিযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেপ্তাৰ কৰা উচিত ।" যুৱ সমাৰোহত অংশগ্ৰহণ কৰাৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাল্যবিবাহ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কৰে । উল্লেখ্য যে শিলচৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাল্যবিবাহৰ ওপৰত এই মন্তব্য কৰে ।

বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই এই বিস্ফোৰক মন্তব্য কৰি কয় যে বাল্যবিবাহ-বিৰোধী আইনখন প্ৰথমে কংগ্ৰেছে আনিছিল । এই আইনৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে ।

লগতে পঢ়ক :Amrit Kalash Yatra: বঢ়মপুৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.