Apurba Bhattacharya criticized AIUDF: আজমল বাহিনীক তুলাধুনা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ - ৰৌমাৰী পাথাৰ মণ্ডল কংগ্ৰেছ
🎬 Watch Now: Feature Video
বৰপেটা ২২ ফেব্ৰুৱাৰী: "বিগত 2021 ৰ বিধানসভা নিৰ্বাচনত আমি বহু ডাঙৰ ভুল কৰিলো ৷ বিধানসভা নিৰ্বাচনত আমি ভাবিছিলো সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে AIUDF য়ে নীতিগতভাৱে যুঁজিবলৈ আগবাঢ়ি আহিছে ৷ সেয়াহে কংগ্ৰেছেও আঁকোৱালি লৈছিল AIUDF ক ৷ যাৰ ফলত কংগ্ৰেছৰ সহায়ত AIUDF য়ে চেঙা সমষ্টিকে আদি কৰি কেইবাখনো আসন জিকিবলৈ সক্ষম হয় ৷ কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ পিচতে AIUDF এতিয়া বিজেপিক ইন্ধন যোগাই আছে ৷ গতিকে অসম প্ৰদেশ কংগ্ৰেছে অনাগত দিনত AIUDF ৰ লগত কোনোপধ্যে মিত্ৰতা নকৰে ৷" এয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য ৷
উল্লেখ্য যে, কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰাৰ পিচতে ২৬ জানুৱাৰীৰ পৰা দেশ তথা ৰাজ্যত আৰম্ভ হৈছে ‘হাথ সে হাত জড়ো অভিযান’ । এই অভিযানৰ অংশস্বৰূপে বৰপেটা জিলাৰ চেঙা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ২৫ নং ৰৌমাৰী পাথাৰ মণ্ডল কংগ্ৰেছ আৰু ২৬ নং দক্ষিণ গোধুনী মণ্ডল কংগ্ৰেছৰ সহযোগত ৰৌমাৰী গাঁৱত বুধবাৰে অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা (Hath Se Hath Jodo Abhiyan in Barpeta) ।
চেঙা ব্লক কংগ্ৰেছৰ সভাপতি আবু বক্কৰ চিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে ৰৌমাৰী গাঁও পঞ্চায়তৰ সভাপতি তথা কংগ্ৰেছৰ যুৱনেতা জুলহাজ আলীয়ে । ৰাজহুৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ লগতে হাথ সে হাত জড়ো অভিযানৰ সমন্বয়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য (Hath Se Hath Jodo Abhiyan) ৷
এই সভাত উপস্থিত থাকি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই শাসনাধিষ্ঠিত চৰকাৰ, বিজেপি আৰু এআইডিইউএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ কংগ্ৰেছ আৰু এআইডিইউএফ দলৰ মিত্ৰতা সম্পৰ্কত ভট্টাচাৰ্য কয় যে, আজিৰ তাৰিখত এআইডিইউএফৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কোনো কাৰণতেই বুজাবুজি নকৰে (Apurba Bhattacharya criticized AIUDF) ।
ইফালে সভাৰ শেষত হাথ সে হাত জড়ো অভিযান উপলক্ষে এক বিশাল পদযাত্ৰা উলিওৱা হয় আৰু পদযাত্ৰাৰ আৰম্ভণিত ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হয় । ৰাহুল গান্ধীৰ পত্ৰখন বাটৰুৱাৰ লগতে দোকানে দোকানে প্ৰৱেশ কৰি ব্যৱসায়ীসকলক প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ লগতে কংগ্ৰেছ দলৰ নেতাসকলে ।
বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ৰফিকুল হক, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ, হৰিপুৰ জিলা পৰিষদৰ সদস্য আমজাদ আলী শিকদাৰ, বৰপেটা জিলা কংগ্ৰেছৰ তত্বাৱধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ উপৰিও কেইবাগৰাকীও কংগ্ৰেছ নেতাই কংগ্ৰেছ দলক শক্তিশালী কৰাৰ পক্ষত ভাষণ প্ৰদান কৰে ।
লগতে পঢ়ক: Bhupen Bora slams Ajmal : মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয়; আজমলক প্ৰত্যাহবান ভূপেন বৰাৰ