APBN observed Deekhyanta Samaroh: নলবাৰীত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ - চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 29, 2023, 10:15 PM IST

নলবাৰী, ২৯ এপ্ৰিল: নলবাৰী জিলাৰ দৌলাশালত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মূল পেৰেড গ্ৰাউণ্ডত এক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় (Deekhyanta Samaroh Program in Nalbari)। অসম আৰক্ষীৰ ১১৭ সংখ্যক গোটৰ অসম পুলিচ বেটেলিয়নৰ ৫১৯ গৰাকী কনিষ্ঠবলৰ প্ৰশিক্ষণৰ অন্তত শনিবাৰে অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেণ নাথ, নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু বহুকেইগৰাকী আৰক্ষী বিষয়া ।  

পুৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত নৱনিযুক্ত জোৱান সকলে ৰাষ্ট্ৰীয় পতাকা আৰু আৰক্ষীৰ বিশেষ পতাকাৰ তলত শপত বাক্য পাঠ কৰে । আজিৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰীগৰাকীয়ে ৫১৯ গৰাকী কনিষ্টবলৰ অভিবাদন গ্ৰহণ কৰাৰ পিছতে প্ৰশিক্ষাৰ্থী সকলে আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিযুক্ত জোৱান সকলক দেশমাতৃৰ হৈ নিষ্ঠা সহাকাৰে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় (APBN observed Deekhyanta Samaroh) ।

উল্লেখযোগ্য যে আজিৰ এই দীক্ষান্ত পেৰেড সমাৰোহত 14APBNৰ ১৫৪ গৰাকী, 16 AP(IR)BNৰ ১৯৩ গৰাকী আৰু 3rd APTFৰ ১৭২ গৰাকী জোৱানে অংশগ্ৰহণ কৰে । বিগত বৰ্ষৰ মে'ত অসম আৰক্ষীত নিযুক্তি লাভ কৰা এই জোৱান সকলে জুনৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰি ১১ মাহৰ অন্তত আজি এই দীক্ষান্ত সমাৰোহত  অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষাৰ বাবে বিশেষজ্ঞ কমিটি গঠন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.