Operation against Drugs: একেদিনাই হোজাইৰ ৪ স্থানত ড্ৰাগছ বিৰোধী অভিযান - Hojai SP press conference

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 8, 2023, 9:54 PM IST

হোজাই,৮ এপ্ৰিল: অব্যাহত আছে হোজাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Operation against Drugs) । বিগত ৪৮ ঘণ্টাত চাৰিটাকৈ স্থানত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী (Anti-drug drive at 4 places in Hojai) । এই সম্পৰ্কে জিলাখনৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই এখন সংবাদমেলৰ আয়োজন কৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানৰ বিতং তথ্য সদৰী কৰে (Hojai SP press conference) ।  

আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি, মোৰাঝাৰ আৰক্ষীয়ে চলাইছিল প্ৰথমটো অভিযান । অভিযানত জব্দ কৰে ৪০ টা হেৰ'ইনভৰ্তি কণ্টেইনাৰ । লগতে আটক কৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন লোকক । আনহাতে, আনএজন অভিযুক্ত পলাতক হৈ আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ড্রাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে AS-02H-3482 নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে (Drugs seized in Hojai) ।  

দ্বিতীয়টো অভিযান হোজাই আৰক্ষীয়ে হোজাই থানাত পঞ্জীয়ন হোৱা ১৬৯ /২৩ নম্বৰৰ গোচৰত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮ টা ব্রাউন চুগাৰভর্তি কন্টেইনাৰ জব্দ কৰে । তৃতীয়টো অভিযান চলাই লংকা আৰক্ষীয়ে । আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি, লংকা আৰক্ষীয়ে ২১৪/২০ নম্বৰত পঞ্জীয়ন হোৱা গোচৰত ২ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আনুমানিক ৩ গ্রাম ড্ৰাগছ জব্দ কৰে । জিলাখনত চতুৰ্থটো অভিযান চলায় ডবকা আৰক্ষীয়ে । উক্ত অভিযানত আৰক্ষীয়ে ১৫ গ্রাম ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এজন লোকক । 

লগতে পঢ়ক: Congress MLA resignation : প্ৰদেশ কংগ্ৰেছত তিনি বিধায়কৰ বিদ্ৰোহ ! দলীয় বিষয়-বাৱৰ পৰা পদত্যাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.