Anjan Nath murder case: অঞ্জন নাথ হত্যাকাণ্ড, আৰক্ষীৰ অভিযানত উদ্ধাৰ গীতাশ্ৰীৰ দ্বিতীয়টো ফোন - গুলীয়াই হত্যা
🎬 Watch Now: Feature Video
Published : Oct 18, 2023, 3:29 PM IST
গুৱাহাটী, 18 অক্টোবৰ : খানাপাৰাৰ কইনাধৰাত অঞ্জন নাথ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ইটোৰ পিচত সিটোকৈ বিস্ফোৰক তথ্য ৷ এইবাৰ গীতাশ্ৰী সিনহাৰ ভগ্নী নেহাক লৈ আৰক্ষীৰ অভিযান ৷ গীতাশ্ৰীৰ দ্বিতীয়টো মোবাইলৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায় ৷ ফোন বিচাৰি আৰক্ষীয়ে বাহিনী নৈত চলাইছিল অভিযান ৷ অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে গীতাশ্ৰীৰ দ্বিতীয়টো ফোন ৷
আৰক্ষীয়ে ফোনটো উদ্ধাৰ কৰে যদিও ফোনৰ ভিতৰত নাই চিম কাৰ্ড ৷ অঞ্জন নাথৰ হত্যাকাণ্ডৰ দিনা গীতাশ্ৰীয়ে যিটো ফোন ব্যৱহাৰ কৰি সৌৰভৰ লগত কথা পাতিছিল সেই ফোনটো দেওবাৰে জু-ৰোডত পেলাইছিল গীতাশ্ৰী সিনহাৰ ভগ্নী নেহাই ৷ বুধবাৰে নেহাক লৈ চিটী চেণ্টাৰৰ সমীপত বাহিনী নৈত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মোবাইলটো ৷
উল্লেখ্য যে, মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টল ৷ অঞ্জন নাথক হত্যা কৰি বন্ধুৰ নিৰ্দেশ মৰ্মে হত্যাকাণ্ডৰ মূল অভিযুক্ত সৌৰভ গোৱেংকাই পিষ্টলটো দলিয়াই দিছিল ভৰলু নদীত ৷ সৌৰভ গোৱেংকাই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল সকলো কথা ৷ মঙলবাৰে সৌৰভ গোৱেংকাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী আৰু SDRFএ চলাইছিল অভিযান ৷ মঙলবাৰে ভৰলু নদীৰ বোকাৰ মাজৰ পৰা উদ্ধাৰ কৰিছিল পিষ্টলটো ৷
লগতে পঢ়ক : Anjan Nath murder case update: অঞ্জন নাথ হত্যাকাণ্ডৰ পিষ্টল বিচাৰি ভৰলুত আৰক্ষীৰ অভিযান