Unidentified Animal Disease: মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত শ শ গৰু-ছাগলী

By

Published : Aug 1, 2023, 4:35 PM IST

thumbnail

ডিব্ৰুগড়,1 আগষ্ট: ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ গৰু- ছাগলী ৷ খেতিৰ সময়তে বিশেষকৈ গৰুৰ এনে ৰোগৰ ফলত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । গৰুসমূহৰ শৰীৰ বিভিন্ন অংশত টেমুনাৰ সৃষ্টি হৈ তীব্ৰ জ্বৰ হয় ৷ ফলত দুৰ্বল হৈ পৰে ৰোগত আক্ৰান্ত গৰুসমূহ  ৷  মৰাণৰ বৃহত্তৰ খোৱাং, শেনচোৱাপুখুৰী, হালধিবাৰী, তিলৈনগৰ আদি অঞ্চলৰ শ শ পশুধন আক্ৰান্ত হৈছে এই ৰোগত আৰু মৃত্যু হৈছে গৰু-ছাগলীৰ । 

ইতিমধ্যে খোৱাং ৰাজ্যিক পশু চিকিৎসালয়ৰ তৰফৰ পৰা আৰু কৃষকসকলে নিজাববীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও সম্পূৰ্ণৰূপে ৰোগ নিয়ন্ত্ৰণ সম্ভৱ হৈ উঠা নাই ৷ বিভাগীয় কৰ্তৃপক্ষক অধিক তৎপৰতাৰে এই ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ কৃষক ৰাইজে আহ্বান জনাইছে । কৃষক ৰাইজক এই সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ পশু পালন বিভাগে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব । 

লগতে পঢ়ক:Electrocution Incident in Moran: বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.