Morigaon sensational incident: মহিলাই কাটিলে বেজৰ গুপ্তাংগ
🎬 Watch Now: Feature Video
মৰিগাঁও, ৮ মে' : মৰিগাঁৱৰ বৰালিমাৰীত চাঞ্চল্যকৰ ঘটনা । এগৰাকী মহিলাই কাটিলে বেজালি কৰিবলৈ যোৱা যুৱকৰ গুপ্তাংগ (Woman cuts mans private parts in Morigaon)। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ যুৱকজনক । জানিব পৰা মতে সন্তানহীন এক দম্পতীৰ চিকিৎসাৰ বাবে বেজালি কৰিবলৈ আহিছিল দৰঙৰ ধুলাৰ ওচমান আলী নামৰ যুৱকজন ।
অভিযোগ অনুসৰি বেজালি কৰাৰ চলেৰে মহিলাগৰাকীৰ সৈতে অসৎ কাৰ্য কৰাৰ চেষ্টা কৰিছিল ওচমানে । যাৰ বাবে মহিলাগৰাকীয়ে ওচমানৰ গুপ্তাংগ কাটি পেলায় (Sensational incident in Morigaon)।
ইফালে ভুক্তভোগী ওচমানে মহিলাগৰাকীৰ অভিযোগ খণ্ডন কৰে । ওচমানৰ মতে ধনৰ লোভত কেইজনমান ব্যক্তিয়ে পৰিকল্পিতভাৱে এনে কাৰ্য সংঘটিত কৰিছে । গুপ্তাংগ কাটি মহিলাগৰাকীয়ে ২০ হাজাৰ টকা লৈ যোৱাৰো অভিযোগ কৰিছে ওচমানে । অৱশ্যে কোন সঁচা, কোন মিছা আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ! সমগ্ৰ ঘটনাক লৈ মৰিগাঁৱৰ বৰালিমাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আনহাতে ভূৰাগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।