Literary Pension to Bipul Bhattacharya: যুৱ প্ৰজন্মলৈ কি আহ্বান জনালে সাহিত‍্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍ই

By

Published : Dec 7, 2022, 10:24 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
কলিয়াবৰৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ আৰু গৱেষণাৰ দিশত প্ৰভূত বৰঙণি যোগোৱা সাহিত‍্যিক বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍লৈ অসম চৰকাৰে আগবঢ়াইছে ২০২২ বৰ্ষৰ সাহিত‍্যিক পেঞ্চন(Literary Pension For 2022-23) । ভট্টাচাৰ্য‍ই লিখি উলিওৱা এঘাৰখন গ্ৰন্থ আৰু চৈধ‍্যখন সম্পাদিত গ্ৰন্থই মূলতঃ কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ লগতে ধৰ্ম আৰু সাহিত‍্য বিষয়ক গৱেষণালব্ধ কৃতিৰে সমৃদ্ধ(Literary Pension to Bipul Bhattacharya ) । জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অসমীয়া বিষয় শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰা বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍ৰ প্ৰৱন্ধই অসমৰ বিভিন্ন স্থানৰ গ্ৰন্থ-আলোচনাত স্থান লাভ কৰিছে । কলিয়াবৰত আহোম আৰু প্ৰাক-আহোম যুগৰ প্ৰত্নতাত্বিক সমলসমূহ উদ্ধাৰৰ লগতে এই সমলসমূহৰ অধ‍্যয়ন আৰু সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰা ভট্টাচাৰ্য‍ই নতুন প্ৰজন্মক কলিয়াবৰৰ ঐতিহাসিক সমলসমূহ উদ্ধাৰৰ ক্ষেত্ৰত আগ-ভাগ ল'বলৈ আহ্বান জনোৱাৰ লগতে এনে সমলসমূহৰ উদ্ধাৰ আৰু অধ‍্যয়নৰ বাটত সহায়-সহযোগ কৰিবলৈ অনুৰোধ জনাইছে । চৰকাৰৰ স্বীকৃতিত সুখী ভট্টাচাৰ্য‍্যই পেঞ্চনৰ ধনখিনি তেওঁৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে । সাহিত্যিক বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍ৰে ETV Bharatৰ এক আছুতীয়া সাক্ষাৎকাৰ...
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.