Awareness rally in Amguri: আমগুৰি শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ - Inspector of schools in Sivsagar
🎬 Watch Now: Feature Video
আমগুৰি,২৪ মাৰ্চ: অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ(Assamese Medium Government Schools) প্ৰতি ছাত্র-ছাত্ৰীক আকৰ্ষিত কৰিবৰ বাবে শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ । ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমগুৰি শিক্ষাখণ্ডৰ উদ্যোগত উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা(Awareness rally in Amguri) ।
নতুন শিক্ষাবৰ্ষত ছাত্র-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সজাগতা বৃদ্ধিৰ বাবে শুকুৰবাৰে আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা এক বাইক ৰেলী বাহিৰ কৰা হয় ৷ এই বাইক ৰেলীটোৱে শিক্ষাখণ্ডটোৰ অধীনৰ সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰে । শোভাযাত্ৰা উদ্বোধন কৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈয়ে(Inspector of schools in Sivsagar) ।
শোভাযাত্ৰাটি উদ্বোধন কৰি গগৈয়ে সমগ্ৰ অসমত পোন প্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক সবলীকৰণৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে (Awareness rally to attract students in Amguri) । বিশেষকৈ চাহ বাগিচা এলেকাসমূহত শিক্ষাৰ পৰা বঞ্চিত ছাত্র ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে শিক্ষকৰ শোভাযাত্ৰাকাৰী দলটোৱে ৰাইজৰ সৈতে মত বিনিময় কৰে বুলি জানিবলৈ দিয়ে পৰিদৰ্শকগৰাকীয়ে ।
লগতে পঢ়ক: Protests demanding eviction: উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ