Amrit Kalash Yatra: সোমবাৰে মূৰ্কংচেলেক খণ্ড উন্নয়নলৈ অনা হ’ল ‘অমৃত কলহ’

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:39 PM IST

thumbnail

জোনাই, 9 অক্টোবৰ : সোমবাৰে জোনাই মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজন কৰা হয় 'অমৃত কলহ যাত্ৰা' ৷ ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰ অংশ স্বৰূপে মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত 15 টা পঞ্চায়তৰ পৰা সংগৃহীত মাটিৰ কলহসমূহ মূৰ্কংচেলেক খণ্ড উন্নয়নলৈ অনা হয় ।

পৰম্পৰাগত গীতি-নৃত্যৰে মাটি ভৰ্তি ‘‘অমৃত কলহ’’ দুটা অনা হয় জোনাই গান্ধী ময়দান খেল পথাৰলৈ ৷ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজিত 'অমৃত কলহ যাত্ৰা'ত অংশগ্ৰহণ কৰে জোনাই বিধায়ক ভূৱন পেগুৱে ৷ মাটি মিশ্ৰণ কাৰ্যসূচীত ভাগ লৈ বিধায়ক গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে আমি সকলোৱে মিলি ‘‘মোৰ মাটি, মোৰ দেশ’’ কাৰ্যসূচীক সফল কৰাৰ চেষ্টা কৰা হৈছে ৷ 

উক্ত অনুষ্ঠানত জোনাই মহকুমাধিপতি, জোনাই উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া, জিলা পৰিষদৰ সদস্য অতুল পেগু লগতে 15 খন পঞ্চায়তৰ সভাপতি, পঞ্চায়ত সদস্য, আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Fishing Competition in Assam: শাৰদীয় উৎসৱৰ বতৰত ধেমাজিত বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.