Amit Shah in Dibrugarh : ডিব্ৰুগড়ত অমিত শ্বাহৰ সভাক লৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা - Amit Shah Dibrugarh meeting
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,১১ এপ্ৰিল : আজি ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজন কৰিব দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah in Dibrugarh)। কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত বিশাল জনসভাত অংশ ল'ব (Amit Shah to address public meeting in Dibrugarh)।
য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ মন্ত্ৰী-বিধায়কসহ বিজেপিৰ বহু শীৰ্ষ নেতা । অমিত শ্বাহৰ এই অনুষ্ঠানক লৈ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা ৪০ হাজাৰৰো অধিক লোকে এই সভাত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে (Amit Shah Dibrugarh meeting)। পুৱাৰে পৰা জনসভালৈ অসংখ্য লোকৰ সমাগম হৈছে ।
লগতে পঢ়ক :Amit Shah in Dibrugarh : ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল'ব গৃহমন্ত্ৰী শ্বাহে