MGNREGA Scheme Corruption : নাৰায়ণপুৰৰ পিছলা গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ - Gaon Panchayat in Lakhimpur
🎬 Watch Now: Feature Video
Published : Oct 6, 2023, 12:07 PM IST
বিহপুৰীয়া, 6 অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এম জি এন ৰেগা আঁচনি ৰূপায়ণৰ নামত পঞ্চায়তে পঞ্চায়তে চলিছে কেৱল লুণ্ঠনৰাজ । বিশেষকৈ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পিছলা গাঁও পঞ্চায়ত এলেকাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে নাৰায়ণপুৰবাসী ৰাইজে ৷
বিগত দুবছৰৰ পূৰ্বে তাঁতি বাহাৰ ৰে’ল গেটৰ পৰা বনগাঁও সংযোগী পথটি উন্নয়নৰ বাবে এম জি এন ৰেগা আঁচনিৰ অধীনত এক আধাৰশিলা স্থাপন কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যজনক কথা যে পথ নিৰ্মাণৰ নামত ট্ৰেক্টৰেৰে কিছু বালি পেলায়েই দায়িত্ব সামৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । এইক্ষেত্ৰত পঞ্চায়তখনৰ জি আৰ এছ দিব্য বণিয়াৰ বিৰুদ্ধে ধন নিদিলে বিল পাছ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।
ইফালে এই সন্দৰ্ভত স্থানীয় বিধায়কগৰাকীক অভিযোগ দিয়াৰ পাচতো এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Youth missing news : পাচিঘাটলৈ গৈ 18 আগষ্টৰ পৰা সন্ধানহীন জোনাইৰ ৰাজা