চিলাপথাৰত বিজেপি নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:17 PM IST

thumbnail

জোনাই,২০ ডিচেম্বৰ: ধেমাজিৰ চিলাপথাৰত বিজেপি নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ । চিলাপথাৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ দীনেশ দাসৰ পৰিয়ালক চিলাপথাৰ অঞ্চল এৰিবলৈ ভাবুকি প্ৰদান কৰাৰ অভিযোগ BJP নেতাৰ বিৰুদ্ধে । ৱাৰ্ড কমিছনাৰ গৰাকীৰ স্ব-গৃহত অনাধিকাৰ প্ৰৱেশ কৰি বিজেপি নেতা বিভূতি ভূঞাঁ নামৰ লোকৰ নেতৃত্বত এটি গুণ্ডাবাহিনীৰ দলে আক্ৰমণ কৰাৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে ৱাৰ্ড কমিছনাৰ গৰাকীয়ে । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ চিলাপথাৰত ।  

উল্লেখ্য যে বিজেপিৰ দখলত থকা চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল দীনেশ দাসৰ লগতে মুঠ ৯ গৰাকী ৱাৰ্ড কমিছনাৰে । যাৰ পৰিণতিত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ইতিমধ্যেই গুণ্ডাৰূপী ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ সদস্য বিভূতি ভূঞাঁৰ বিৰুদ্ধে চিলাপথাৰ থানাত গোচৰ দাখিল কৰিছে ৱাৰ্ড কমিছনাৰ দীনেশ দাসৰ পত্নী দিপ্তী দাসে । হিন্দী চিনেমাৰ কায়দাৰে বিজেপি নেতাই কৰা এই অতপালিক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক: ভাগিনীয়েকক দাৰে জধে-মধে অঁকিয়ালে মোমায়েকে

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.