Corruption in Purahuria GP: ৰাজহুৱা শ্মশানৰ উন্নয়নৰ নামত ব্যাপক অনিয়ম - Corruption in Purahuria GP
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 5 এপ্ৰিল: ৰাজহুৱা শ্মশান উন্নয়নৰ নামতো ৰাজ্যত এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হৈছে ৷ শ্মশান উন্নয়নৰ নামতো এতিয়া একাংশ অসাধু ব্যক্তিয়ে অবাধে চলাইছে দুৰ্নীতি (Corruption in Karimganj) ৷
এইবাৰ শ্মশান উন্নয়নৰ নামত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ সমষ্টিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ বিধানসভাত সততে দুৰ্নীতি বিৰুদ্ধে মাত মাতি অহা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সমষ্টি পুৰহুৰীয়া গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত অৱস্থিত শ্মশানৰ উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে(Allegations of corruption at Puraharia GP) ৷
স্থানীয় মোকাম কমিটীৰ তত্বাৱধানত পৰিচালিত হৈছে শ্মশানখন ৷ শ্মশান উন্নয়নৰ নামত প্ৰায় 5 লাখ টকা অনুদান দিয়া হ'ল যদিও উন্নয়নৰ নামত একো নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ মোকাম কমিটীক আন্ধাৰত ৰাখি শ্মশানৰ ওখ ঠাইৰ মাটি কটাৰ লগতে এই স্থানত এখন MGNREGA ৰ ফলক লগোৱা আছে যদিও ইয়াত উল্লেখ নাই কোনো তাৰিখ আৰু প্ৰতিনিধিৰ নাম ৷ ফলকত উল্লেখ কৰা ধনৰ পৰিমাণ ৪ লাখ ৭৮ হাজাৰ 879 টকা ৷ কিন্ত এই বৃহৎ পৰিমাণৰ টকা যথোপযুক্তভাৱে শ্মশান উন্নয়নত ব্যৱহাৰ নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে লগতে এইক্ষেত্ৰত উচিত তদন্তৰ দাবী কৰিছে (Allegations of corruption at Puraharia gp in Karimganj) ৷