Allegations of adding intoxicating substances to food: খোৱাবস্তুত নিচাজাতীয় দ্ৰব্য মিহলোৱাৰ অভিযোগ, 10 জনকৈ লোকৰ অস্বাভাৱিক আচৰণ - অদ্ভূত আচৰণ
🎬 Watch Now: Feature Video
Published : Sep 16, 2023, 7:31 PM IST
চামগুৰি, 16 ছেপ্টেম্বৰ : ৰূপহীহাটৰ জৰথনিত চাঞ্চল্যকৰ ঘটনা ৷ একেটা পৰিয়ালৰে দহজনকৈ লোকে হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্য, কৰিবলৈ লৈছে অদ্ভূত আচৰণ ৷ ওচৰ চুবুৰীয়া ৰাইজে মিলি ভৰ্তি কৰোৱাইছে চিকিৎসালয়ত ৷ দৰাচলতে, পৰিয়াল এটাৰ সম্পৰ্কীয় জোঁৱায়েকে জালমুড়িৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই খাবলৈ দিছিল পৰিয়ালৰ লোকক ৷ সন্ধিয়া 6 বজাত পৰিয়ালৰ সকলোৱে মিলি জালমুড়ি খোৱাৰ প্ৰায় এঘণ্টা মানৰ পিছৰ পৰা তেওঁলোকে অদ্ভূত আচৰণ কৰিবলৈ আৰম্ভ কৰে ৷
পৰিয়ালটোৰ শিশু, পুৰুষ, মহিলাসহ 10 জনকৈ লোকে মানসিক ভাৰসাম্য হেৰুৱাই অদ্ভুত আচৰণ কৰিবলৈ লোৱাত প্ৰতিবেশী লোক উপস্থিত হৈ প্ৰত্যক্ষ কৰে এই ঘটনা ৷ গোটেই নিশাটো তেনেকৈয়ে পাৰ হয় ৷ পুৱাৰ ভাগত ভাৰসাম্য হেৰুৱাই পেলোৱা লোকসকলক লৈ ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হয় পৰিয়ালৰ লোক ৷ গোচৰ ৰুজু কৰে সম্পর্কীয় জোঁৱায়েক ৰিয়াজ উদ্দীনৰ বিৰুদ্ধে । ভাৰসাম্য হেৰুৱা লোককেইজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱাই তেওঁলোকে । ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Python rescued: উৎকট গৰমত বনাঞ্চল এৰি মানুহৰ বাৰীৰ গছত উঠিল অজগৰ