Scam in road construction: মাজুলীত পথ পুনৰ নিৰ্মাণত অনিয়ম

By

Published : Jul 20, 2023, 5:19 PM IST

thumbnail

মাজুলী, ২০ জুলাই: মাজুলীত পথৰ পুনৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । নামনি মাজুলীৰ গুৱাল গাঁও পহুমৰা সংযোগী মূল পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যোৱা কেইবাবছৰ ধৰি এই গুৱাল গাঁও পহুমৰা সংযোগী মূল পথটোৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে যমৰ যন্ত্ৰণা ভুগি আহিছে । এইবাৰ পথটো পুনৰ নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰে ।  

পথ এটি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বে নিৰ্মাণ কৰা পথৰ অংশত চাফ চিকুণ কৰিব লাগে যদিও এই পথটো এনে নকৰাকৈ ঠিকাদাৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থ্য কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । ইফালে, পুনৰ নিৰ্মাণ কৰা অংশত বালিৰ সলনি মাটি ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । এই বিষয়টোক লৈ স্থানীয় ৰাইজ আৰু নামনি মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ বাকযুদ্ধও হয় । উল্লেখ্য যে পূৰ্বে এই পথটো মেৰামতিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ অভিযোগ উঠিছিল । বৰ্তমান জনৈক পেগু উপাধিৰ ঠিকাদাৰ এজনে এই কামটো আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Constituency delimitation: হিমন্ত বিশ্ব শৰ্মাৰ নতুন গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ভূপেন বৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.