Poor Road construction: পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেমাহি, জলা-কলা খাইছে ৰাইজে

By

Published : Feb 24, 2023, 6:23 PM IST

thumbnail

টীয়ক, 24 ফেব্ৰুৱাৰী: চৰকাৰী উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এটা নৱ নিৰ্মিত পথে ৷ নিৰ্মাণৰ এমাহ নৌহওঁতেই চপৰা চপৰিকৈ উঠি আহিল পথটোত ব্যৱহাৰ কৰা চিমেণ্টৰ ব্লক (Poor Road construction) ৷ ঘটনাৰ বিৱৰণী অনুসৰি টীয়ক পৌৰসভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ চাকলিবৰ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ এমাহ নৌহওঁতেই পথৰ ওপৰত ব্যৱহাৰ কৰা ফেভাৰ ব্লক  সমূহ এৰাই যোৱাৰ লগতে ভাঙি গৈছে পথৰ কাষৰ পকী ঢালাই ৷ তদুপৰি পথটোৰ কাষত চাইড বাম নিদিয়াৰ ফলত এজাক বৰষুণতে পথৰ মাটি খহি যোৱাৰ উপক্ৰম হৈছে (poor road construction at Teok)৷

এমাহতে পথৰ এই দুৰৱস্থা দেখি খঙত টিঙিৰ তুলা হৈ পৰে স্থানীয় লোকসকল ৷ ঠিকাদাৰে নিম্ন মানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী আঁচনিৰ ধন লুণ্ঠন কৰাৰ অভিসন্ধিৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম কৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে (Locals demand reconstruction) ৷ ক্ষুব্ধ ৰাইজে চিমেণ্টৰ বেগত ওলোৱা গোট মাৰি যোৱা চিমেন্টৰ টুকুৰাসমূহ সাংবাদিকৰ কেমেৰাৰ সন্মুখত প্ৰদৰ্শন কৰে ৷  

ইফালে ঠিকাদাৰৰ এনে নিম্ন মানৰ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে টীয়ক পৌৰসভাৰ পৌৰপতিকে ধৰি সংশ্লিষ্ট পক্ষৰ ৰহস্যজনক মৌনতাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ নিবিদা আহ্বান কৰিলেও আগতীয়াকৈ টীয়ক পৌৰসভাৰ সৈতে কমিচনৰ অংক কৰি পথ নিৰ্মাণৰ ঠিকা পছন্দৰ ঠিকাদাৰক আৱন্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ টীয়ক পৌৰসভাক বাৰে বাৰে জনোৱাৰ পিচতো এই সন্দৰ্ভত চকু মুদা কুলিৰ ভূমিকা পালন কৰিছে বুলি দাবী উত্থাপন কৰে স্থানীয় লোকসকলে ৷

স্থানীয় ৰাইজে পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বত থকা টীয়ক ৰাজহ চক্ৰ বিষয়াক অনতিপলমে এই পথটো পুনৰ সুন্দৰকৈ মেৰামতি কৰি চৰকাৰী ধনৰ সঠিক প্ৰয়োগ কৰি ঠিকাদাৰক উচিত ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ ইপিনে কাম চলি থকাৰ সময়ত পৌৰসভাৰ অভিযন্তাকে ধৰি অন্যান্য বিষয়ববীয়াক উক্ত কাম পৰ্যবেক্ষণ কৰিবলৈ অহা হ’লে এনে অৱস্থা নহ’লহেতেন বুলি মন্তব্য প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ৷ লগতে এই সমগ্ৰ বিষয়টোৰ ওপৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে সংগঠনটোৰ সদস্যসকলে ৷ 

লগতে পঢ়ক: KMSS protest: প্ৰণৱ বড়োৰ নৱম মৃত্যু বাৰ্ষিকীত সংকল্প ল’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.