Tiloi Community Health Centre: মৰাণত চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে চিলালে কণমানি ৰোগীৰ আঘাতপ্ৰাপ্ত অংশ; ঘটনাক লৈ প্ৰতিক্ৰিয়া

By

Published : Aug 20, 2023, 5:12 PM IST

thumbnail

ডিব্ৰুগড়, 20 আগষ্ট : ৰাজ্য চৰকাৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা কৈ থকাৰ সময়তে চিকিৎসক নথকা ৰাজ্যৰ বহু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ নিশা হ'লে বহু চিকিৎসালয়ত চিকিৎসক নথকাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰে ৰোগীৰ চিকিৎসা ৷ তেনে এক ঘটনাই সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৷

মৰাণৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত হোৱা দুৰ্বাদল কাজিয়াৰ ভাইৰেল ভিডিঅ’ক লৈ মৰাণত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ জানিব পৰা মতে যোৱা দুটা দিনৰ পূৰ্বে মাহমৰা সমষ্টিৰ এজন ব্যক্তিয়ে তেওঁৰ কণমানি কন্যা আঘাতপ্ৰাপ্ত হোৱাত সন্ধিয়া মৰাণৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনিছিল ৷ 

সেই সময়ত কণমানিজনীৰ চিকিৎসা চিকিৎসক বা নাৰ্চে কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত অংশটো কোনোধৰণৰ চিকিৎসা নকৰাকৈ চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বীৰেণ বেনেটে চিলাই কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত কণমানিজনী বিষত অৱস হৈ পৰে ৷

এই দৃশ্য কণমানিজনীৰ অভিভাৱকে দেখি কৰ্মৰত চিকিৎসক ডাঃ মধুস্মীতা হাজৰিকাক অৱগত কৰাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ উগ্ৰ হৈ পৰা চিকিৎসকগৰাকীয়ে অভিভাৱকগৰাকীলৈ এক প্ৰকাৰ চোঁ‌চা লোৱাৰ দৃশ্যও ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে ৷ পিছত অৱশ্যে আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয় ৷ 

লগতে পঢ়ক : Indrani Tahbildar Death Case: বিজেপিৰ নতুন কাৰ্যালয়ৰ ৰং-তেলৰ গোন্ধ মাৰ নৌযাওঁতেই নাৰী কেলেংকাৰী আৰু চাকৰি দুৰ্নীতিৰ দুৰ্গন্ধ ওলাল; প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.