Tense in Khowang school: মৰাণৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিলে শিক্ষয়িত্ৰীৰ স্বামীয়ে

By

Published : Jun 8, 2023, 2:15 PM IST

thumbnail

মৰাণ,৮ জুন: উৎকট গৰম (Heat waves hits Assam)। গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীও সলনি কৰা হৈছে । এই সময়তে মৰাণৰ সমীপৰ খোৱাঙৰ এখন বিদ্যালয়ত বুধবাৰে এগৰাকী সহ শিক্ষয়িত্ৰীৰ স্বামীয়ে বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাক লৈ অভিভাৱকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Allegation against teacher in Moran)।

খোৱাং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নগাবাৰী মজদুৰ প্ৰাথমিক বিদ্যালয়ত সহ শিক্ষয়িত্ৰী ৰিমা দাসৰ স্বামী লক্ষ্য দাসে বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বেয়াকৈ মাৰধৰ কৰে (Tense in Nagabari Mazdoor Primary School)। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ।

বিদ্যালয়ৰ বাহিৰৰ এগৰাকী লোকে এনেদৰে বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাক লৈ অভিভাৱকসকলে বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । ইফালে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জুনু গগৈয়ে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰি দায়সৰা মন্তব্য প্ৰকাশ কৰিছে (Teacher beaten Students in Khowang school)। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলক স্বামী লক্ষ্য দাসে প্ৰহাৰ কৰাৰ কথা স্বীকাৰ কৰিছে সহ শিক্ষয়িত্ৰী ৰিমা দাসে ।

লগতে পঢ়ক:Gunfire in Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী সন্দৰ্ভত কি ক’লে বন বিভাগে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.