Assam Cabinet Decisions: চাওঁতালী ভাষাত পাঠদানৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি চাওঁতাল ছাত্র সন্থাৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, ২১ মে’: প্ৰাক্ প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ চাওঁতালী ভাষাত পাঠদান কৰিবলৈ কেবিনেটত লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ চাওঁতাল ছাত্ৰ সন্থাই । টিংখাঙৰ ৰাজগড়ত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যখনত প্ৰাক্ প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ত চাওঁতাল ভাষা ব্যৱহাৰ তথা চাওঁতালী ভাষাত পাঠদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাটো অতি আদৰণীয় পদক্ষেপ বুলি উল্লেখ কৰে (Assam to Introduce Santali Language as Medium) ৷
তেওঁলোকে কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে সদৌ চাওঁতাল ছাত্ৰ সন্থাই চাওঁতাল জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈয়ো আহ্বান জনায় (Assam Cabinet Decisions)।
লগতে পঢ়ক: Karnataka cabinet meeting: 5 গেৰাণ্টীত প্ৰথম কেবিনেটৰ অনুমোদন