Teachers Protest at Kaliabor: ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণেৰে ৰাজ্যৰ ভেন্সাৰ শিক্ষকৰ প্ৰতিবাদ - ভেন্সাৰ বিদ্যালয়ৰ টিউটৰসকলক শিক্ষকলৈ পদোন্নতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 2, 2023, 7:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰাজ্যজুৰি ভেন্সাৰ শিক্ষকৰ অভিনৱ প্ৰতিবাদ (All Assam Venture School Teachers Protest)। চাকৰি নিয়মীয়াকৰণৰ দাবীত ডাকযোগে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ ভেন্সাৰ শিক্ষকৰ । যোৱা শনিবাৰৰ পৰা ৰাজ্যজুৰি ভেন্সাৰ শিক্ষকসকলে পৃথকে পৃথকে মুখ্যমন্ত্ৰীলৈ পোষ্ট কাৰ্ড প্ৰেৰণ কৰাৰ লগতে সোমবাৰেও খণ্ড ভিত্তিত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Teachers Protest at Kaliabor) । ৰাজ্যৰ অ-প্ৰাদেশীকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৯ হাজাৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ লগতে ভেন্সাৰ বিদ্যালয়ৰ টিউটৰসকলক শিক্ষকলৈ পদোন্নতি দিয়া, সম কামৰ সম মৰ্যাদা প্ৰদান আদিকে ধৰি ৫ দফীয়া দাবীত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ভেন্সাৰ শিক্ষকসকলে । বাদ পৰি ৰোৱা নাই কলিয়াবৰৰ ভেন্সাৰ শিক্ষকসকলো ৷ সোমবাৰে কলিয়াবৰৰ ভেন্সাৰ শিক্ষকসকলে ডাক যোগে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰে (Venture School Teachers Protest at Kaliabor) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.