One act play competition: সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ কটনিয়ান নাট্য সমাজৰ ‘‘কথা বিষম’’ - সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা
🎬 Watch Now: Feature Video
মৰিগাঁও, 28 জুলাই : ‘‘সকলো কাম-কাজৰ লগতে আজৰি সময়ত গীত, নৃত্য, নাটক আদিৰ চৰ্চা কৰিব লাগে ৷ গীত, নৃত্য, নাটক আদিৰ লগত নৱ-প্ৰজন্ম জড়িত থাকিলে বেয়া বস্তুৰ প্ৰতি আসক্ত নহয় ৷’’ এই মন্তব্য বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ৰ ৷ উল্লেখ্য যে, 26 আৰু 27 জুলাই দুদিনীয়াকৈ মৰিগাঁও বাঘজাপ আঞ্চলিক সামাজিক সাংস্কৃতিক নাট্য মঞ্চৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা ৷
এই একাংক নাট প্ৰতিযোগিতাখনত অসমৰ ভিন ভিন জিলাৰ 14 টাকৈ আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰে । জাগীৰোডৰ নিকটৱৰ্তী বাঘজাপ আঞ্চলিক ৰাস মন্দিৰৰ ৰংগমঞ্চত অনুষ্ঠিত প্ৰতিযোগিতাখনিত বিচাৰকৰ আসন অলংকৃত কৰে অসমীয়া অভিনয় জগতৰ তিনিগৰাকীকৈ অভিনেতা তথা বোলছবি, চুটি ছবি পৰিচালক ক্ৰমে ৰাজীৱ ক্ৰ’, হিমাংশু প্ৰসাদ দাস আৰু শান্তনু দাসে । সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে কটনিয়ান নাট্য সমাজ গুৱাহাটীৰ কথা বিষম নামৰ নাটকখনে ।
এই প্ৰতিযোগিতাৰ
দ্বিতীয় শ্ৰেষ্ঠ দল : ডিগনিতি অব লেবাৰ, জেংৰাই নাট্য গোষ্ঠী, মঙলদৈ;
তৃতীয় শ্ৰেষ্ঠ দল : ৰঘুমলা, প্ৰজম, নলবাৰী;
চতুৰ্থ শ্ৰেষ্ঠ দল : অভিশপ্ত, দুলিয়াজান থিয়েটাৰ কমিউনিটি, নাট্য গোষ্ঠী;
পঞ্চম শ্ৰেষ্ঠ দল : ৰং ঘঁহা মুখ, নগাঁও নাট্য গোষ্ঠী ৷
শ্ৰেষ্ঠ অভিনেতা : দিগন্ত ভৰালী, (নাটক-ৰঘুমলা, প্ৰজম, নলবাৰী),
শ্ৰেষ্ঠ অভিনেত্ৰী : তেজস্বীতা দাস, (নাটক- ঘৰ, জাগীৰোড মহাবিদ্যালয় নাট্য গোষ্ঠী),
শ্ৰেষ্ঠসহ অভিনেতা : কৌশিক কিশোৰ হাজৰিকা, (নাটক- কথা বিষম, কটনিয়ান),
শ্ৰেষ্ঠসহ অভিনেত্ৰী : দুলুমনি গোহাঁই, (নাটক- অচিন আপোন, নটসূৰ্য নাট্য গোষ্ঠী মৰিগাঁও),
শ্ৰেষ্ঠ কৌতুক অভিনেতা : ৰঞ্জন তালুকদাৰ, (নাটক- লাখুটি, পাহি ক্ৰিয়েচন নলবাৰী),
শ্ৰেষ্ঠ পৰিচালক : বিশ্বজিৎ ডেকা, (নাটক-দিগনিতি অব লেবাৰ),
শ্ৰেষ্ঠ নাট্যকাৰ : হৃদয় দ্বীপ গগৈ, কথা বিষম, কটনিয়ান,
বিচাৰকৰ বিশেষ বঁটা : পাণীন্দ্ৰ হাজৰিকা, ( নাটক-শিল্পী তোমাক প্ৰণাম, নটৰাজ কলাকেন্দ্ৰ, গুৱাহাটী) ৷
লগতে পঢ়ক: Himanshu Prasad Das new song: কিয় খং উঠিছে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ ?