Matak Yuva Chatra Parishad protest: মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ - সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:17 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবী তুলি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে মঙলবাৰে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কেৱল ভোট বেংকৰ স্বাৰ্থত বিজেপি চৰকাৰে মটক জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত অযথা বিলম্ব কৰা বুলি অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে ন্যাৰ্য প্ৰাপ্তিৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জনজাতীয় মৰ্যদা প্ৰদান, ৰজাদিনীয়া ঐতিহাসিক কীর্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা কৰা, মটক জনগোষ্ঠীক অতিশীঘ্ৰে পূৰ্ণ স্বায়ত্ত শাসিত পৰিষদ প্ৰদান কৰা, মটক স্বায়ত্ত শাসিত পৰিষদক পর্যাপ্ত পুঁজি আৱণ্টন দিয়া, বিভিন্ন নিকায়-নিগমত মটক জনগোষ্ঠীৰ যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: MLA Akhil Gogoi: এজন মানুহক মাটি কিমান লাগে ? বিধানসভা চৌহদত প্লে-কাৰ্ড লৈ বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.