Senior Basketball Championship:আন্তঃজিলা ছিনিয়ৰ পুৰুষৰ বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজন - নেতাজী সুভাষ ইনড’ৰ
🎬 Watch Now: Feature Video
Published : Nov 3, 2023, 5:03 PM IST
হোজাই, ৩ নৱেম্বৰ: হোজাইত অনুষ্ঠিত হ'ব ৰাজ্যিক ভিত্তিত ছিনিয়ৰ বাস্কেটবল প্ৰতিযোগিতা । হোজাইৰ নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়ামৰ জিৰণি ঘৰত আজি আয়োজিত এক সংবাদমেলত এই সম্পৰ্কে সদৰী কৰে হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে । হোজাই নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়ামত অহা ৬ নৱেম্বৰৰ পৰা সদৌ অসম আন্তঃজিলা ছিনিয়ৰ পুৰুষৰ বাস্কেটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব ।
হোজাই জিলা বাস্কেটবল এছ'চিয়েচন আৰু অসম বাস্কেটবল এছ'চিয়েচনৰ যুটীয়া সহযোগত ৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ হ'বলগীয়া বাস্কেটবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৫খন জিলাৰ দলে অংশগ্ৰহণ কৰিব । উক্ত খেলৰ শুভাৰম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰিণিকি ভূঞা শৰ্মা আৰু তেজপুৰৰ সাংসদ পল্লবলোচন দাস । সংবাদমেলত হোজাইৰ আয়ুক্ত গৰাকীৰ লগত জিলা আৰক্ষী অধীক্ষ আৰু হোজাই জিলা বাস্কেটবল এছ'চিয়েচন সদস্য সকল উপস্থিত থাকে ।
লগতে পঢ়ক:Deprived health workers protest : চৰকাৰী কামৰ বোজাত আশাকৰ্মীৰ মৃত্যু ঘটাৰ অভিযোগ প্ৰতিবাদী আশাকৰ্মীৰ