অলংবাৰৰ সাফল্যত উৎফুল্লিত বাক্সাবাসী

By

Published : Aug 25, 2022, 11:07 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
বড়ো গল্প সাহিত্যলৈ আগবঢ়াই অহা অৱদানৰ বাবে বাক্সাৰ অলংবাৰ মুছাহাৰীৰ নাম ঘোষণা হোৱাৰ পিছতে তেওঁৰ বাক্সাস্থিত গৃহত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ(Sahitya akademi yuva puraskar 2022) ৷ বড়ো গল্প সংকলন "গাং ফুজানায় মাছে দাউ"ৰ বাবে সাহিত্য অকাডেমীৰ যুৱ সাহিত্যিক বঁটা লাভ কৰিছে মুছাহাৰীয়ে(Alangbar Muchahary honoured with Sahitya Akademy yuva puraskar) ৷ ৰাভা মুছাহাৰী আৰু ললিতা মুছাহাৰীৰ সন্তান অলংবাৰ মুছাহাৰীয়ে  ২০১৮ চনতে প্ৰকাশ কৰি উলিয়াইছিল 'গাং ফুজানায় মাছে দাউ' ৷ অলংবাৰ মুছাহাৰীৰ কবিতা পুথি দৌংসে লামা (২০১৪), গল্প সংকলন ক্ৰমে সৌৰমিলাংনায় গাংসে বিলাই (২০১৭), আদ্ৰা জীউনি বিসম্বি (২০১৮), অডালগুৰি গামি সুংদ' জাৰিমিন (২০১৮) আৰু গল্প সংকলন " দায়নি সাজা" (২০২১)ইতিমধ্যে  প্ৰকাশ পাইছে । অলংবাৰ মুছাহাৰী বাক্সা জিলাৰ ওদালগুৰি গাঁও নিৱাসী তথা ষ্টৈট বেংক অব ইণ্ডিয়া, শিমলা শাখাৰ অস্থায়ী কৰ্মচাৰী ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.